Pathan and Pathan( SRK)
Yes, you heard right 'Pathan Ka Bachcha Pathan' I am talking about Shah Rukh Khan's film 'Pathan', which is currently the subject of a nationwide outcry. There has been a wave of protests over parts of the film. From social media to everywhere, there is now only one Gunjan, Pathan and Pathan.
_The release of the song from Shah Rukh Khan's 'Pathan' has caused a stir on social media. Some Hindutva activists have already called for a boycott of the film. The actress is wearing a bright colored bikini in the romance scene between Shah Rukh Khan and Deepika Padukone.
Pathan's first song Be-Charam was released on Monday. The film has been accused of insulting Hinduism. Deepika Padukone is seen in a scene from the song 'Be-Charam' in an unseen one-piece and Shah Rukh Khan is seen romancing her.A section of social media has claimed that Shah Rukh Khan's hand touched Deepika Padukone in an 'obscene' manner. And Deepika's romantic daily by a 'Muslim hero' Shah Rukh Khan by dressing her in the sacred Hindu colour, Achar, is an 'insult to Hinduism' While others have also compared the Shah Rukh-Deepika scene to 'soft porn', many have called it the most 'obscene' song in Bollywood. There is a lot of controversy around Pathan.
Anyway, end the controversy over Pathan and stop the religious polarization dirty politics. The film should be banned not only for wearing yellow dress, but also for the video of the extreme song of the film Pathan, which will be released on January 25, 2023, as it is very 'ugly and obscene'
Actually Pathan Ka Bachcha Pathan 'Shah Rukh Khan' has not only hurt the sentiments of Hindu Sanatan civilization but also shamed Islam in the world arena. He has insulted the entire Pathan community by making such obscene, offensive and tasteless films under the name of Pathans.
Among Muslims, the Sheikhs, Syeds, Mughals and Pathans are known to be very pious, veiled and shy communities. Shah Rukh Khan, a 55-year-old Muslim actor, has slammed the Pathan community. In a word, Shah Rukh Khan Pathan is a stigma.
The film Pathan has hurt the sentiments of Islam more than Hindus. In context, in India, which is plagued by hundreds of problems such as unemployment, education, health, development, transparent politics, unity, etc., some discriminatory forces are looking for issues to divert the minds of the people from the main issues. Therefore, everyone must remain vigilant at such a juncture.
.*Julhas Ali Ahmed*
*JAGIROAD,Morigaon (Assam)*
*পাঠান কা বাচ্চা পাঠান_*
হয়, আপুনি ঠিকেই শুনিছে 'পাঠান কা বাচ্ছা পাঠান' শ্বাহৰুখ খানৰ অভিনিত কথাছবি 'পাঠান'ৰ কথাই ক'ব বিচাৰিছোঁ, যিটো ছিনেমাক লৈ সম্প্ৰতি দেশব্যাপী অট্টনাথ আৰাম্ভ হৈছে। ছবিখনৰ কিয়দাংশ লৈ প্ৰতিবাদৰ জোঁৱাৰ উঠিছে। সামাজিক যোগাযোগ মাধ্যমৰ পৰা আৰম্ভ কৰি সৰ্বত্ৰে এতিয়া কেৱল এটাই গুঞ্জন, পাঠান আৰু পাঠান।
উল্লেখ্য যে, শ্বাহৰুখ খানৰ অভিনিত 'পাঠান' কথাছবিখনৰ বে-চৰম গীতটো মুক্তি পোৱাৰ পিছতে ছচিয়েল মিডিয়াত তোলপাৰ লাগিছে। ইতিমধ্যে ছবিখন বয়কট কৰিবলৈ একাংশ হিন্দুত্ববাদী কৰ্মীয়ে আহ্বান জনাইছে। কাৰণ, শ্বাহৰুখ-দীপিকাৰ ৰোমাঞ্চ দৃশ্যত নায়িকাগৰাকীয়ে পিন্ধিছে অচৰ ৰঙৰ বিকিনি।
সোমবাৰে মুক্তি পালে পাঠানৰ প্ৰথমটো গীত বে-চৰম। বিশেষকৈ পাঠান চিনেমাখনত হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। ‘বে-চৰম’ গীতটোৰ এটা দৃশ্যত দীপিকাক দেখা গৈছে অচৰ ৱান পিচত আৰু সেই দৃশ্যত শ্বাহৰুখ খানক দীপিকাৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে। এই লৈ ছ’চিয়েল মিডিয়াৰ এটা অংশই দাবী কৰিছে যে শ্বাহৰুখৰ হাতখনে দীপিকাক ‘অশ্লীল’ ৰূপত স্পৰ্শ কৰিছিল। আৰু দীপিকাক হিন্দুৰ পবিত্ৰ ৰং অচৰ পিন্ধাই এজন ‘মুছলমান নায়ক’ শ্বাহৰুখ খানে ৰোমাঞ্চকৰ নিত্য কৰাটো ‘হিন্দু ধৰ্মৰ অপমান’। আন কিছুমানে শ্বাহৰুখ-দীপিকাৰ এই দৃশ্যটোক ‘কোমল পৰ্ণ’ৰ সৈতেও তুলনা কৰাৰ সমান্তৰালকৈ বহুতে ইয়াক বলীউডৰ আটাইতকৈ ‘অশ্লীল’ গীত বুলিও অভিহিত কৰিছে। মুঠতে পাঠানক লৈ এতিয়া দেশৰ আকাশ-বতাহ গৰম।
প্ৰসংগক্ৰমে পাঁচ বছৰৰ পাছত শ্বাহৰুখ খানে ‘পাঠান’ৰ সৈতে পুনৰ ছবিজগত প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল ‘জিৰ’ ছবিখনত। সেয়া পাঁচ বছৰৰ আগৰ কথা। সেই বাবে কিং খান খ্যাত শ্বাহৰুখ খানৰ অনুৰাগীসকল এই চিনেমাখনক লৈ অতিশয় উৎসাহিত। পাঠান নামৰ এই বিতৰ্কিত ছবিখনত এছ আৰ কেৰ সৈতে জন আব্ৰাহাম আৰু দীপিকা পাডুকনক দেখা যাব।
_যিকি নহওঁক পাঠানকলৈ চলা বিতৰ্কৰ অবসান আৰু ধৰ্মীয় মেৰুকৰণ লেতেৰা ৰাজনীতি বন্ধ হওক। কেৱল গেৰুৱা বসন পিন্ধাৰ বাবেই নহয়, ২০২৩ বৰ্ষৰ ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া পাঠান কথাছবিখনৰ বে-চৰম গানটোৰ ভিডিঅ’ অত্যন্ত 'কুৎসিত আৰু অশ্লীল' হোৱাৰ হেতুকে এই ছিনেমাখন নিষিদ্ধ হওক।_
আচলতে পাঠান কা বাচ্ছা পাঠান 'শ্বাহৰুখ খানে' কেৱল হিন্দু সনাতন সভ্যতাৰ ভাৱাবেগকত আঘাত কৰাই নহয় বিশ্বদৰবাৰত ইছলামকো লজ্জানত কৰিছে। পাঠান নাম দি এনেকুৱা অশ্লীল, আপত্তিজনক তথা কুৰুচিপূৰ্ণ ছিনেমা নিৰ্মাণ কৰি তেওঁ গোটেই পাঠান সমুদায়টোক জনমানসত হেয় কৰিছে।_
_মুছলমানৰ ভিতৰত শ্বেখ, চয়দ, মোগল আৰু পাঠানক অতি ধাৰ্মিক, পর্দানশীন তথা লাজুকী সমুদায় বুলি জনা যায়। আজি সেই পাঠান গোষ্ঠীটোক কালিমালিপ্ত কৰিলে ৫৫ দেওনা পাৰ কৰা এই গৰাকী মুছলমান অভিনেতা শ্বাহৰুখ খানে। এক কথাত কবলৈ গলে শ্বাহৰুখ খান পাঠানৰ নামত কলংক।
পাঠান নামৰ বোলছবিখনৰ জৰিয়তে হিন্দুতকৈ বেছি ইছলামৰ ভাৱাবেগকত আঘাত কৰিছে। প্ৰসংগত, দেশৰ নিবনুৱা সমস্যা, শিক্ষা, স্বাস্থ্য, দেশৰ উন্নয়ন, স্বচ্ছ ৰাজনীতি, সংহতি ইত্যাদি এশএবুৰি সমস্যাৰে জৰ্জৰিত ভাৰতবৰ্ষত একাংশ বিভেদকামী শক্তিয়ে এনেকুৱা ইছুকেই বিচাৰি ফুৰে যাতে মূল বিষয়বস্তুৰ পৰা সৰ্বসাধাৰণৰ মন-মানসিকতা অন্যফালে ঢাল খুৱাব পৰা যায়। সেয়ে এনেহেন সন্ধিক্ষণত সকলোৱে সজাগ-সচেতন হৈ থাকিব লাগিব।—
*_জুলহাছ আলী আহমেদ_*
*_জাগীৰোড, মৰিগাঁও (অসম)_*
1 Comments
Pathan bhai ki joi ho
ReplyDeleteIf you have any questions? Please let me know