দূৰ্নীতি আৰু অনিয়মিয়ে লগ নেৰা হৈছে লাহৰিঘাটৰ বৰছলা পঞ্চায়তত। 

আৰু কিমান দিন চলিব দূৰ্নীতি? 

বিহীত ব্যবস্থা নোলোৱাৰ অভিযোগ বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে।





 মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ বৰছলা গাওঁ পঞ্চায়তত দীৰ্ঘ দিন ধৰি সংঘটিত হৈ আহিছে ব্যপক অনিয়ম আৰু দূৰ্নীতি। ইতি পূর্বে স্থনীয় ৰাইজৰ অভিযোগ আৰু সংবাদ মাধ্যমেৰ বাতৰিৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ আয়ুক্ত ৰ নিৰ্দেশত উচ্চ পর্যায়ৰ তদন্ত হৈছিল যদিও কোনো সুফল নাপালে ভুক্তভোগী ৰাইজে। অতি পৰিতাপৰ বিষয় এয়া সে আজিও উক্ত উচ্চ পর্যায়ৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহল। কিম্বা দূৰ্নীতিৰ লগত জড়িত কোনো  জনপ্ৰতিনীধি আৰু বিষয়া কৰ্মচাৰীক শাস্তি প্রধান কৰা পৰিলক্ষিত নহল। যাৰ ফলত কাকো কেৰেপ নকৰি আৰু দুগুণ উৎসাহৰে স্বাধীনভাবে ব্যাপক অনিয়ম অৰু দূৰ্নীতি সংঘটিত কৰি আহিছে। যেন দূৰ্নীতিৰ লাইচেঞ্চ বনাই লৈছে। কাৰ আশীর্বাদত এনেবোৰ দূৰ্নীতি সংঘটিত হৈ আছেনে ? দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা কথা কোৱা মূখ্যমন্ত্রী ডাঙৰীয়া ! পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে আপোনাৰ অজ্ঞাতে আপোনাৰ ঘোষণাক বুঢ়া আঙুলি দেখুৱাই বৰছলা গাওঁ পঞ্চায়তৰ সৰ্বসাধাৰণ ৰাইজক লুটিপুটি খাইছে। এই বিষয়ে আপোনাক দৃষ্টি গোচৰ কৰিলো, পাৰিলে এবাৰ খবৰ ল'ব। পুনৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত দূৰ্নীতি সংঘটিত হৈছে এইখন পঞ্চায়ততেই। বৰছলা গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ AS1962284 ID নম্বাৰৰ শহিদুল ইছলাম নামৰ হিতাধীকাৰীৰ গৃহ সম্পূর্ণ নোহোৱাকৈ ওচৰৰে বেলেগ ঘৰত ফটো মাৰি প্ৰকৃত হিতাধীকাৰীৰ অজ্ঞাতে ঘৰ সম্পূর্ণ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগসমূহ আমাৰ নহয় দৃশ্য চালে আৰু মন্তব্য শুনিলে আপনালোকে নিজেই অনুমান কৰিব পাৰিব যে দূৰ্নীতিৰ এক অঘোষিত প্ৰতিযোগিতাত লিপ্ত হৈছে পঞ্চায়ত খনৰ একাংশ বিষয়া কৰ্মচাৰী অৰু জন প্ৰতিনিধি। বৰছলা গাওঁ পঞ্চায়তত দূৰ্নীতি সংঘটিত কৰি থকা দূৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক কোনে নাকি লগাব ? সেয়া সময়ত লক্ষ্যনীয় হব।