মৰিগাঁৱৰ বৰচলাত ড্ৰাগছ সহ আটক দুজন।



বৰচলা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাৰ যৌথ অভিযানত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক। আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজন হল ইজাজুল হক আৰু মোজাহিদুল ইছলাম। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বৰচলা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক আটক কৰে।আটক কৰা যুৱক দুজনৰ ইজাজুলৰ ঘৰ মৰিগাঁৱত আৰু মোজাহিদুলৰ ঘৰ বৰচলাত।

ইয়াৰে মোজাহিদুল ইছলামৰ বয়স ১৪ বছৰ।

আটক কৰা যুৱক দুজনৰ পৰা আৰক্ষীয়ে ৫০ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ আৰু ড্ৰাগছত ব্যৱহৃত কিছুমান সামগ্ৰী জব্দ কৰে।আনহাতে ১৪ বছৰীয়া কিশোৰ ড্ৰাগছ ব্যৱসায়ত জড়িত থকাত সমগ্ৰ বৰচলা অঞ্চলত এক উদ্বেগৰ পৰিৱেশে বিৰাজ কৰিছে।

মৈৰাবাৰীৰ পৰা ৰুয়েল আলম NET